Join Assam Study Centre Channel

Assamese Essay | আধুনিক জীৱনত বিজ্ঞানৰ প্ৰভাৱ

Assamese Essay | আধুনিক জীৱনত বিজ্ঞানৰ প্ৰভাৱ । উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষৰ ছাত্র-ছাত্রী সকলৰ অসমীয়া বিষয়ৰ ৰচনা সম্ভাৰ আমি আগবঢ়াই দিছো। এই চিৰিজত আমি সকলোবিলাক ৰচনা সামৰি লৈছো।

আধুনিক জীৱনত বিজ্ঞানৰ প্ৰভাৱ

আৰম্ভণিঃ

কুৰি শতিকাৰ বৰ্তমানৰ যুগটোক সঁচা অৰ্থত বিজ্ঞানৰ যুগ বুলিব পাৰি। কিয়নো বর্তমান সময়ৰ মানুহৰ জীৱনত বিজ্ঞানে যথেষ্ট পৰিমাণে প্ৰভাৱ বিস্তাৰ কৰি আছে। আজিৰ মানুহে বিজ্ঞানৰ আৱিষ্কাৰসমূহক দৈনন্দিন জীৱনত বাৰুকৈয়ে প্রয়োগ কৰিছে যাৰ ফলত মানুহৰ জীৱনৰ মানদণ্ড তথা চিন্তাধাৰাৰ যথেষ্ট পৰিৱৰ্তন হৈছে। সেয়ে বর্তমান যুগৰ মানুহে বিজ্ঞানৰ উন্নতিৰ লগে লগে আগুৱাই যাবলৈ সমৰ্থ হৈছে।

মানৱ জীৱনলৈ বিজ্ঞানৰ অবদানঃ

বিজ্ঞানৰ মহান আৱিষ্কাৰে মানুহৰ জীৱন আৰামদায়ক তথা উজু কৰাৰ লগতে পৃথিৱীৰ অন্য এখন দেশৰ সৈতে আন এখন দেশৰ ব্যৱধান নাইকীয়া কৰিছে। ৰে’ল, উৰাজাহাজ, পানী জাহাজ আদিৰ আৱিষ্কাৰে এনে দিশত বিশেষ অৰিহণা যোগাইছে। যোগাযোগৰ আনবোৰ ব্যৱস্থা যেনে -কাকত, ছপাশাল, ৰেডিঅ’, টেলিভিছন, টেলিফোন আদি ব্যৱস্থাৰ উন্নতি বিজ্ঞানৰ আৱিষ্কাৰৰ প্ৰভাৱ; যাৰ ফলত মানুহৰ জীৱন যাত্রা বহু পৰিমাণে উন্নতিশীল হৈছে।  

বিজ্ঞানৰ আন এক মহান আৱিষ্কাৰ হ’ল বিজুলী শক্তি। যিয়ে মানুহৰ সম্পূর্ণ জীৱন যাত্ৰাৰ পদ্ধতিকেই সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰি দিছে। বর্তমান সময়ত আমি বিজুলী শক্তিৰ অবিহনে কোনো উন্নতিৰ কথাকেই কল্পনা কৰিব নোৱাৰো। কল-কাৰখানাবোৰ বিজুলি শক্তিৰ অবিহনে অচল। সেইদৰে আমাৰ জীৱন-যাত্ৰাৰ লগত জড়িত পানী যোগান ব্যৱস্থা, চিকিৎসা ব্যৱস্থা আদিৰ ক্ষেত্ৰতো বিজুলী শক্তিৰ প্ৰয়োগ হৈ আছে। কৃষিৰ ক্ষেত্ৰতো বিজ্ঞানৰ বিভিন্ন আৱিষ্কাৰসমূহ প্রয়োগ হৈ আছে।

Assamese Essay | আধুনিক জীৱনত বিজ্ঞানৰ প্ৰভাৱ । অসমীয়া ৰচনা

বিজ্ঞানৰ প্ৰভাৱ বিভিন্ন ধৰণৰ ষধ-পাতিৰ আৱিষ্কাৰতো দেখা গৈছে। অস্ত্রোপচাৰ, নতুন জীৱন সৃষ্টি আদিৰ ক্ষেত্ৰত, কৃষি ক্ষেত্ৰতো বিজ্ঞানৰ প্ৰভাৱ দেখা গৈছে। বিভিন্ন ধৰণৰ বৈজ্ঞানিক যন্ত্রপাতিৰ আৱিষ্কাৰে মানুহৰ জীৱন যাত্রাকো সুচল কৰি তুলিছে। 

মূলতঃ বৰ্তমানৰ বিজ্ঞানৰ আৱিষ্কাৰসমূহে মানুহৰ উন্নতিকেই সাধন কৰি আধুনিক মানুহৰ জীৱনত যথেষ্ট প্রভাৱ পেলাইছে।

আপুনি যদি আমাৰ পেজ পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক বা “টুইটাৰ“ ত আমাক অনুসৰণ কৰক ।

বৈজ্ঞানিক আৱিষ্কাৰৰ কুফলঃ

বর্তমান যুগৰ জীৱন-যাত্ৰাত বিজ্ঞানৰ প্ৰভাৱৰ কথা কওঁতে বিজ্ঞানৰ আৱিষ্কাৰৰ ফলৰ কথাও উল্লেখ কৰিব লাগিব। বিজ্ঞানৰ উন্নতিৰ ফলত বিভিন্ন মাৰণাস্ত্রও তৈয়াৰ হৈছে। বিশ্বৰ বিভিন্ন জাতিয়ে এনেনানা ধৰণৰ মাৰণাস্ত্র প্রয়োগ কৰি শীতল যুদ্ধত অৱতীৰ্ণ হৈছে। ফলস্বৰূপে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হৈছে। বিজ্ঞানৰ আৱিষ্কাৰে মানুহৰ বাবে একান্ত প্রয়োজনীয় সুস্থ পৰিবেশত আঘাত হানিছে। ফলত ই মানুহৰ সুস্বাস্থ্যৰ অৱনতি ঘটাই বিভিন্ন ধৰণৰ বেমাৰ-আজাৰৰ সৃষ্টি কৰিছে। 

সামৰণিঃ

বিজ্ঞানৰ প্ৰভাৱে আধুনিক জীৱনৰ উন্নতি ঘটাইছে যদিও তাৰ মাজতেই বৈজ্ঞানিক আৱিষ্কাৰসমূহে মানুহৰ কিছু পৰিমাণে হ’লেও অপকাৰ সাধন কৰিছে। এই ক্ষেত্ৰত বিজ্ঞানৰ আৱিষ্কাৰসমূহক মানুহে সুস্থভাৱে প্ৰয়োগ কৰিব লাগিব, তেতিয়াহে আধুনিক জীৱনত বিজ্ঞানৰ প্রভাৱ ফলপ্রসূ হ’ব। 

Leave a Comment

error: Warning, you aare not allowed to copy this element