Join Assam Study Centre Channel

Assamese Essay class 12

Assamese Essay class 12 asomiya rosona. Get the Assamese Essay’s in Assamese language for class 12 under AHSEC syllabus.

অসমৰ প্ৰাকৃতিক সম্পদ

আৰম্ভণি

প্রকৃতিৰ পৰা পোৱা বিভিন্ন ধৰণৰ সম্পদ সমূহকেই প্রাকৃতিক সম্পদ বোলে। প্রাকৃতিক সম্পদৰ ওপৰতেই দেশ এখনৰ চহকী অৱস্থা নিৰ্ভৰ কৰে। ভাৰতৰ ভিতৰত যিকেইখন ৰাজ্য প্রাকৃতিক সম্পদত চহকী, তাৰ ভিতৰত অসমো অন্যতম। অৱশ্যে অসমৰ বিভিন্ন প্রাকৃতিক সম্পদৰ আটাইখিনি এতিয়াও উদ্ধাৰ হোৱা নাই।

বিভিন্ন প্রকাৰৰ প্রাকৃতিক সম্পদ

প্রাকৃতিক সম্পদবোৰক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰিব পাৰি- বনজ, খনিজ আৰু জলজ। কৃষিও যিহেতু প্রাকৃতিকভাৱে মাটিৰ উৰ্বৰতাৰ ওপৰতেই নিৰ্ভৰ কৰে সেয়ে কৃষিকো প্রাকৃতিক সম্পদৰ ভিতৰুৱা কৰি ল’ব পাৰি।

বনজ সম্পদ হাবিৰ মূল্যবান গছ-গছনি, শাল, চেগুন, বনচুম, চন্দন, তিতাচপা আদি মূল্যৱান গছ-গছনিক বনজ সম্পদৰ ভিতৰুৱা। হাবিত পোৱা লতাজাতীয় দ্রব্য, যিবোৰ ঔষধি গুণেৰে সমৃদ্ধ, বিভি, মছলাজাতীয় গছেৰেও অসমৰ হাবি-বননি সমৃদ্ধ, বিভিন্ন প্ৰকাৰৰ জন্তুবোৰৰ খনিজ সম্পদৰ ভিতৰুৱা, যেনে-বাঘ, ভালুক, হাতী, গড় আদি। বিভিন্ন প্রকাৰৰ চৰাই, যেনে- ধনেশ, ময়ূৰ, বিভিন্ন প্রকাৰৰ হাঁহ আদিও বনজ সম্পদৰ ভিতৰুৱা। এইবোৰৰ জৰিয়তে চৰকাৰে বহু টকা উপার্জন কৰিব পাৰে। এইবোৰৰ দ্বাৰা বিভিন্ন উদ্যোগে স্থাপন হৈছে। ইয়াৰ দ্বাৰা বহুতো লোকৰ অন্নসংস্থানৰ অভাৱে দূৰ হৈছে।

বিভিন্ন প্রকাৰৰ খনিজ সম্পদ :

বিভিন্ন মাটি, শিল, চুণ, খাৰুৱা তেল, কয়লা আদি এইবোৰ খনিজ সম্পদ। এইবোৰৰ সহায়ত বিভিন্ন উদ্যোগ স্থাপন হৈছে। তাৰোপৰি বিভিন্ন স্থানত পেট্রলিয়ামৰ পুং আৱিস্কৃত হৈছে। লিডু, মাৰ্ঘেৰিটা, বৰগোলাইত কয়লা খনি আৱিস্কৃত হৈছে। ডিগবৈ, দুলিয়াজান, হুগ্রীজান, নাহৰকটীয়া, মৰাণ, ৰুদ্ৰসাগৰ আদিত পেট্রলিয়ামৰ পুং আৰু গোৱালপাৰাৰ কোনো কোনো ঠাইৰ লোৰ সন্ধান পোৱা গৈছে। এইবোৰৰ ফলত তেল শোধনাগাৰ হৈছে আৰু এইবোৰত বহুতো লোক নিয়োগ হৈ আছে। যাৰ ফলত নিৱনুৱা সমস্যা কিছু পৰিমাণে হ’লেও হ্রাস হৈছে বুলি ক’ব পাৰি। এইবোৰে মানুহৰ অন্নবস্ত্ৰৰ সমস্যা সমাধানত কিছু বৰঙণি যোগাইছে। asomiya rosona

আপুনি যদি আমাৰ পেজ পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক বা “টুইটাৰ“ ত আমাক অনুসৰণ কৰক ।

Assamese Essay class 12

বিভিন্ন প্রকাৰৰ জলজ সম্পদ –

অসম নৈ-নলাৰে ভৰপূৰ। ইয়াত মাছ কাছ আদি পর্যাপ্ত পৰিমাণে পোৱা যায়। ইয়াৰ নৈৰ পানীৰ সহায়ত বিজুলী উৎপাদনৰ সম্ভাৱনা আছে। ইয়াত পৰিকল্পিতভাৱে মৎস পালনৰ সম্ভাৱনা আছে। Assamese Essay class 12

বিভিন্ন প্রকাৰৰ কৃষিজ সম্পদঃ

ধান, চাহপাত, মৰাপাত আদি অন্যান্য খেতিৰ বাবে অসমৰ মাটি উপযুক্ত হোৱাৰ উপৰিও অসম চাহৰ বাবেও ভাৰত তথা পৃথিৱী বিখ্যাত। অসমত এড়ি পাট-পলু আদিও পুহিব পাৰি। এইবোৰৰ পৰা বহুতো উপার্জন লাভ কৰিব পাৰি। Assamese Essay class 12

সামৰণি –

অসম বিভিন্ন প্রাকৃতিক সম্পদেৰে ভৰপূৰ যদিও বাস্তৱ দৃষ্টিভংগীৰে চালে দেখা যায় যে এইবোৰৰ যথাযথ প্রয়োগ অসম চৰকাৰে কৰিব পৰা নাই। যাৰ ফলত অসম প্রাকৃতিক সম্পদত চহকী হৈয়ো পিছ পৰি থাকিবলগীয়া হৈছে। প্রাকৃতিক সম্পদসমূহৰ হিচাপত অসম উদ্যোগ বা কল-কাৰখানাসমূহ স্থাপনৰ দিশত যিমান দূৰ আগবাঢ়িব লাগিছিল সিমান দূৰ আগবাঢ়িব পৰা নাই। এই ক্ষেত্ৰত অসমৰ বিজ্ঞানী, ৰাইজ তথা অসম চৰকাৰে গুৰুত্বপূর্ণ দৃষ্টিভংগী গ্ৰহণ কৰিব লাগিব। তেতিয়াহে অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ সুব্যৱহাৰ হ’ব আৰু অসম উন্নতিৰ পথত আগুৱাই যাব। 

Leave a Comment

error: Warning, you aare not allowed to copy this element