Join Assam Study Centre Channel

পৰিবেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ । অসমীয়া ৰচনা

পৰিবেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ

Assamese Essay axomiya rosona. উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষৰ ছাত্র-ছাত্রী সকলৰ অসমীয়া বিষয়ৰ ৰচনা সম্ভাৰ আমি আগবঢ়াই দিছো। এই চিৰিজত প্রায় সকলো বিলাক ৰচনা আলোচনা কৰা হ’ব।

আৰম্ভণি 

পৰিবেশ হৈছে আমাৰ চাৰিওফালৰ অৱস্থা, অর্থাৎ আমাৰ চাৰিওফালৰ ঘৰ-দুৱাৰ, গছ-গছনি আদিক লৈ যিটো অৱস্থাৰ সৃষ্টি হয় সেয়াই পৰিবেশ। পৰিবেশ বুলিলে প্রকৃতি জগতৰ মুকলিমূৰীয়া স্বভাৱৰ লগত সম্পর্ক থাকিব লাগিব। বর্তমান বিভিন্ন কাৰণত আমাৰ প্রকৃতি জগতৰ স্বাভাৱিকতা হেৰাই গৈছে। বিজ্ঞানৰ আৱিষ্কাৰৰ পূর্বে আমাৰ বাবে পৰিবেশ নিষ্কলুষ আছিল। আমাৰ কাৰণে প্রয়োজনীয় বস্তুবোৰ স্বাভাৱিক ৰূপতেই পাইছিলো। কিন্তু বর্তমানে সেইবোৰ কৃত্রিমভাৱে  সংৰক্ষণ কৰিবলগীয়া হৈছে। তাৰ ফলত অর্থ তথা খাদ্যবস্তু আহৰণ কৰিবৰ বাবে এনে কিছুমান উপায় ল’ব লগা হ’ল; যিবোৰে  পৰিবেশত আঘাত হানি পৰিবেশ প্ৰদূষিত কৰিছে।

পৰিবেশ প্ৰদূষণৰ কাৰকঃ

দিনে দিনে বিভিন্ন উদ্যোগ, কল-কাৰখানা, গাড়ী-মটৰ আদি বাঢ়ি আহিছে। ফলস্বৰূপে তাৰ পৰা ওলোৱা ধোঁৱা, ছাই, বিষাক্ত গেছ কার্বন-ডাই-অক্সাইড, কার্বন মনঅক্সাইড আদিয়ে পৰিবেশ প্ৰদূষিত কৰাৰ লগতে গছ-গছনিৰ সংখ্যাও হ্রাস পাই আহিছে। প্ৰকৃতিৰ ভাৰসাম্য অৱস্থাত আঘাত হানিছে। বর্তমানে দেখা গৈছে যে মানুহে প্ৰকৃতিৰ বুকুত কুঠাৰাঘাত কৰি বিভিন্ন ধৰণে গাঁও, নগৰ, চহৰ আদি সাজি লৈছে। বিভিন্ন পাৰমাণৱিক বোমা বিস্ফোৰণৰ প্ৰভাৱেও পৰিৱেশ প্ৰদূষণত ইন্ধন যোগাইছে। এই প্রদূষণ বায়ুমণ্ডলতেই সীমাবদ্ধ হৈ থকা নাই। জল আৰু বায়ু প্ৰদূষিত হোৱাৰ লগতে শব্দ প্ৰদূষণেও বিশেষ ভূমিকা লোৱা দেখা গৈছে। 

পৰিবেশ প্ৰদূষণৰ প্ৰতিকাৰ বা নিয়ন্ত্রণঃ

মানৱ সভ্যতাৰ অগ্ৰগতিৰ লগে লগে যন্ত্র পাতিও বাঢ়ি থাকিব। লগতে পৰিবেশ প্ৰদূষণো বাঢ়ি থাকিব। মানুহে কিন্তু পৰিবেশৰ প্রতি সজাগ মনোভাব ল’ব লাগিব। মানুহ যদি কিছু সংযত হয়, অত্যধিক অর্থ লিপ্সা তথা ক্ষমতা লিপ্সা ত্যাগ কৰে তেতিয়া পৰিবেশত কিছু স্বাভাৱিকতা আহিব। তাৰোপৰি চৰকাৰেও পৰিবেশ ভাল কৰি ৰাখিব বাবে বিভিন্ন আইন পাছ কৰাৰ লগতে তাক উপযুক্তভাৱে প্ৰৱৰ্তন কৰাৰ দিহা কৰিব লাগিব। প্রাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে গছ-গছনি ৰোপণ কৰিব লাগিব, মানুহক পৰিবেশ সজাগতাৰ বাবে জ্ঞান দিব লাগিব। দূষিত দ্রব্য আদি য’তে ত’তে নেপেলাই নির্দিষ্ট স্থানত পুতি পেলোৱাৰ ব্যৱস্থা কৰিব লাগিব। বর্তমান ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা ৫ জুন তাৰিখটো ‘বিশ্ব পৰিবেশ দিৱস’ হিচাপে পালন কৰাৰ ব্যৱস্থা কৰা হৈছে। সেই দিৱসৰ দিনাই পৰিবেশৰ প্রয়োজনীয়তাৰ কথা মনত পেলাই পৰিবেশ নিকা আৰু মুক্ত কৰি ৰাখিবলৈ সকলোৱে যত্নবান হ’ব লাগিব। জগতত মানুহে কৰিব নোৱাৰা কাম একো নাই। গতিকে প্ৰদূষিত পৰিবেশ মানুহেই ভাল কৰিব লাগিব। Assamese Essay axomiya rosona

আপুনি যদি আমাৰ পেজ পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

4 thoughts on “পৰিবেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ । অসমীয়া ৰচনা”

  1. মাহাশয় ধন্যবাদ আপোনালোকৰ প্ৰতিজন সদস্যলৈ , কিন্তু সমৰণি খিনি থাকিলে আৰু উপকৃত হ’লোহেঁতেন

    Reply

Leave a Comment

error: Warning, you aare not allowed to copy this element