Join Assam Study Centre Channel

ASSAM TET SOLUTION SERIES-1

ASSAM TET SOLUTION SERIES-1

Helow Assam TET aspirants, in this  Assam TET Solution Series-1  we are providing probable questions along with the answers so that you can prepare for upcoming Assam TET examination. Assam TET Solution Series  will bring you thousands of questions and answers to you. So keep visiting to our blog to get the best of the best data from Assam TET Solution Series.



ছাত্র-ছাত্রীসকল, আমি আগবঢ়াইছো আগন্তুক অসম টেট পৰীক্ষাৰ প্রস্তুতিৰ বাবে এক Online প্রশ্নোত্তৰ চিৰিজ – Assam TET Solution Series ।  এইটো হৈছে আমি আগবঢ়োৱা প্রথম চিৰিজ । আগন্তুক সময়ত আমি হাজাৰৰো অধিক প্রশ্ন উত্তৰসহ লৈ আনিম যাতে আগন্তুক অসম টেট পৰীক্ষাত অৱর্তীর্ণ হব বিচৰা ছাত্র-ছাত্রীসকল উপকৃত হয় । গতিকে আমাৰ ব্লগ নিয়মিত ভাবে চাই থাকিব যাতে Assam TET Solution Series ৰ কোনো এটা বিষয় আপুনি নোপোৱাকৈ নাথাকে ।

ASSAM TET SOLUTION SERIES



ASSAM TET SOLUTION SERIES-1


১) বীৰপুজা বিকাশৰ কোনটো স্তৰৰ লগত জড়িত ?
উঃ বয়ঃসন্ধিকাল
২) বয়ঃসন্ধিকালক ধুমুহা আৰু উৎপীড়নৰ কাল বুলি কোনে কৈছিল ?
উঃ ষ্টেন্‌লিহ’লে ।
৩) শৈশৱকালৰ এটা বৈশিষ্ট লিখা ।
উঃ অনুকৰণপ্রিয়তা ।
৪) Adolescence শব্দটো কি ভাষাৰ পৰা আহিছে ?
উঃ জার্মান ভাষাৰ পৰা ।
৫)টিনেজাৰছ সময় বুলিলে কোনচোৱা সময়ক বুজা যায় ?
উঃ ১৩ ৰ পৰা ১৯ বছৰলৈকে ।
৬) বয়ঃসন্ধিকাল সময় কোনছোৱা ?
উঃ ১২ ৰ পৰা ১৮ বছৰলৈকে ।
৭) অন্তঃমুখী ব্যক্তিত্বৰ এটা উদাহৰণ দিয়া ।
উঃ নিজৰ মাজত ব্যস্ত হৈ থকা ।
৮ ) মানসিক স্বাস্থ্য বুলিলে কি বুজা যায় ?
উঃ ব্যক্তিৰ মানিসিক অবস্থা ।
৯) সমযোজন শব্দটো প্রথম কোনে ব্যৱহাৰ কৰিছিল ?
উঃ ডাৰউইনে ।
১০) মানসিক স্বাস্থ্যবিজ্ঞানৰ উদেশ্য কি?
উঃ ব্যক্তিক উপযুক্ত পৰিবেশৰ লগত সমযোজন কৰা ।
১১) বয়ঃসন্ধিকালৰ ব্যক্তিত্ব বিষয়ক ঘাই সমস্যা কি?
উঃ নিচাসক্তি ।
১২) “আগ্রহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্রহৰ সক্রিয় অৱস্থা” – উক্তিটো কোনে আগবঢ়াইছিল ?
উঃ মেকড্যুগলে ।
১৩) আগ্রহৰ ফলত মনোযোগৰ পৰিমাণ কমে / বাঢ়ে ?
উঃ বাঢ়ে ।
১৪) ইংৰাজী  Interest শব্দটো উৎপত্তি কোন ভাষাৰ পৰা হৈছে?
উঃ লেটিন ভাষাৰ পৰা ।
১৫) অভ্যাস ব্যক্তিৰ _____________ আচৰণ ।
উঃ আর্জিত আচৰণ ।
১৬) বুদ্ধিৰ প্রথম অভীক্ষা  কিমান চনত উদ্ভাবন হৈছিল ?
উঃ ১৯০৫ চনত ।
১৭) বুদ্ধি পৰিমাপনৰ প্রথম অভীক্ষাটো কোনে উদ্ভাবন কৰিছিল ?
উঃ আলফ্রেড বিনে ।
১৮) ব্যক্তিত্বৰ ইংৰাজী প্রতিশব্দটো লেটিন ভাষাৰ  কি শব্দৰ পৰা আহিছে ?
উঃ Persona ।
১৯) I.Q ( Intelligence Quotient) ৰ ধাৰণাটো পোনপ্রথমে কোনে প্রয়োগ কৰিছিল ?
উঃ টাৰমেনে ।
২০) বক্তিৰ মানসিক বয়স নির্ধাৰণৰ ধাৰণাটো কোনে বিকাশ কৰিছিল ?
উঃ বিনে চাইমনে ।
২১) কার্ল য়ুঙে ব্যক্তিত্বক কোন দুটা প্রধান ভাগত ভাগ কৰিছিল ?
উঃ বর্হিমুখী আৰু অন্তর্মুখী ।
২২) শিক্ষকৰ শিক্ষ্ণ প্রক্রিয়াত কি কি কৌশল থাকিব পাৰে ?
উঃ জ্ঞান, বোধ, প্রয়োগ, বিশ্লেষণ, সংশ্লেষণ ।
২৩) বুদ্ধাংকৰ পৰিমাণ ১১০-১৪০ ৰ ভিতৰত থকা শিশুসকলক কি বুলি কোৱা হয় ?
উঃ প্রতিভাবান শিশু ।
২৪) মানসিক স্বাস্থ্যবিজ্ঞানৰ জন্মদাতা কোন আছিল ?
উঃ ডব্লিউ বিয়াৰ ।
২৫)” সামাজিক উদ্দীপনাসমুহৰ প্রতি ব্যক্তিৰ বৈশিষ্টপূর্ণ প্রতিক্রিয়া আৰু পৰিবেশৰ সামাজিক গাঠঁনিৰ প্রতি তেওঁ কৰা উপযোজনৰ মান বা গুণেই হৈছে ব্যক্তিত্ব”- উক্তিটো কাৰ ?
উঃ আলপর্টৰ ।
২৬)ব্যক্তিত্ব মানে কি ?
উঃ ব্যক্তিৰ দৈহিক- মান্সিক অৱস্থাৰ গুণাত্মক প্রকাশকেই হৈছে ব্যক্তিত্ব ।
২৭) ব্যক্তিত্বক প্রভাবিত কৰা উপাদান বা কাৰক সমুহক কেইটা ভাগত ভগাব পাৰি ?
উঃ ৪ টা ভাগত ।
২৮) ব্যক্তিত্বক পৰিমাপ কৰিব পাৰিনে ?
উঃ ভিন্ন সংলক্ষ্ণ বিশ্লেষণ কৰি পৰীক্ষাহে কৰিব পাৰি ।
২৯) ব্যক্তিত্ব পৰিমাপ কৰি বটল লওঁতে এবিধ কাঠি (Scale) ব্যবহাৰ কৰা হয় । কাঠিবিধৰ নাম কি ?
উঃ সূচাংক কাঠি ।
৩০)মানৱ প্রচেষ্টাৰ দর্শনীয় পৰিণতি কি হব পাৰে ?
উঃ ব্যক্তিত্ব ।
৩১) ব্যক্তিয়ে সমযোজন প্রতিষ্ঠা কৰিবলৈ কোনটো দিশত প্রথমেই গুৰুত্ব দিব লাগিব ?
উঃ সামাজিক দিশ ।
৩২) ব্যক্তিৰ মানসিক জীৱনৰ ৰচনা আৰু প্রস্তুতি কাল বুলি কলে কোনটো কালক বুজায় ?
উঃ শৈশৱ কাল ।
৩৩) বর্তমান সময়ত শিশুৰ মানসিক স্বাস্থ্য অটুট ৰখাৰ ক্ষেত্রত কি দিশে বাধা দিছে ?
উঃ গণ-মাধ্যম ।
৩৪) শিক্ষকৰ কোনটো মানসিক অসুস্থতাৰ বাবে সমাজত হেয় প্রতিপন্ন হব লগীয়া হয় ?
উঃ শিক্ষকতাৰ প্রতি বিতৃষ্ণা চৰিত্র ।
৩৫) বিদ্যালয়ৰ মানসিক সু-স্বাস্থ্য অটুট ৰাখিবলৈ শিক্ষক হিচাপে প্রথমে কি কৰা উচিত ?
উঃ বিকাশৰ সকলোবোৰ সুস্থ প্রভাবৰ সমাবেশ ঘটোৱা ।

৩৬) “Teen age” বুলি কলে ব্যক্তিৰ বিকাশৰ কোনটো স্তৰক জনা হয় ?

উঃ কৈশোৰ কালক ।

৩৭) এটা শিশুৰ লিখা, পঢ়া, মনত ৰখা, দলীয় আচৰণ প্রদর্শন কৰাত কি দিশে সহায় কৰে ?

উঃ নির্দেশনা ।

৩৮) শিক্ষাৰ বিকাশৰ ক্ষেত্রত কিয় নির্দেশনাৰ প্রয়োজন ?

উঃ অপচয় আৰু স্থবিৰতা নহবৰ বাবে ।

৩৯) নির্দেশনা আৰু পৰামর্শ প্রদানেৰে বিদ্যালয়ৰ শিক্ষার্থীৰ বাবে কি সেৱা আগবঢ়াব পাৰি ?

উঃ অনুশীলনৰ বিকাশ ঘটাব পাৰি ।

৪০) বিদ্যালয়ত নির্দেশনা আৰু পৰামর্শদানৰ ক্ষেত্রত প্রথম পদক্ষেপ কাৰ ওচৰত ন্যস্ত থাকে ?

উঃ শিক্ষকৰ ওচৰত ।

৪১) শিশুৰ বিকাশৰ বিপদাপন্ন ক্ষণ সমুহক সহৃদয়তাৰে নির্মূল কৰাত প্রথম মাধ্যম হিচাপে কোনটো দিশক ল’ব পাৰো ?

উঃ ঘৰখন ।

৪২) “আগ্রহ মনোযোগৰ সুপ্ত অৱস্থা “- উক্তিটো কাৰ ?

উঃ মেকডুগেলৰ ।

৪৩) মানুহৰ বিমুর্ত চিন্তা কৰিব পৰা মানসিক দক্ষতাক এটা শব্দত কি বুলি কোৱা হয় ?

উঃ বুদ্ধি ।

৪৪) বর্তমান মনোবিজ্ঞানী সকলে বুদ্ধিক Intelligent শব্দৰ পৰিবর্তে আন এটা শব্দৰে চিহ্নিত কৰে । শব্দটো কি ?

উঃ অভিবৃত্তি (Aptitude)

৪৫) বুদ্ধিৰ দ্বি-কাৰক তত্বৰ আৱিস্কাৰক কোন ?

উঃ স্পিয়েৰমেন ।

৪৬) বুদ্ধি পৰীক্ষাৰ পথ প্রদর্শক বুলি কাক কোৱা হয় ?

উঃ বিনেই ক ।

৪৭) মানুহৰ বিকাশ আৰু উন্নতিৰ পথ সুগম কৰাত প্রথম কোনে ইন্ধন যোগায় ?

উঃ শিক্ষণে ।

৪৮) “শিক্ষণ হৈছে এক ক্রমাগত আৰু বিৰামহীন প্রচেষ্টা”-  কথাষাৰ সচাঁনে ?

উঃ সঁচা ।

৪৯) শিক্ষণ হৈছে “অভিজ্ঞতা আৰু প্রশিক্ষণৰ দ্বাৰা আচৰণৰ সংশোধন কৰা ব্যবস্থা”- কোনে কৈছিল ?

উঃ গেইটছে ।

৫০)শিক্ষণৰ সংযোগবাদ তত্বটো কোনে উদ্ভাবন কৰিছিল ?

উঃ এডৱার্ড লি থর্নডাইক ।

৫১)শিকন অক্ষমতা থকা শিক্ষার্থীক দৈনিক কি ব্যবস্থা কৰিব লাগিব?

উঃ শ্রুতলিপি ।

৫২) আচৰণজনিত সমস্যাগ্রস্ত শিশুক কেনেকৈ শুদ্ধ পথলৈ আনিব পৰা যায় ?

উঃ নিদিষ্ট সময় তালিকাৰে ।

৫৩) শিক্ষণক ফলপ্রসু কৰি তুলিবৰ বাবে আমি প্রত্যেকে এক মনে এক ধ্যানে উপস্থিত হব লাগিব । কেনেকৈ ?

উঃ শুদ্ধ গঠনমুলক দৃষ্টিভংগীৰে ।

৫৪) শিক্ষন সম্ভব হ’ব একমাত্র —–

উঃ শুদ্ধ কর্ম আচঁনিৰে ।

৫৫) শিক্ষকে কোনো এটা বিষয়ৰ সমস্যা সমাধান পুংখানুপুংখভাবে জানিবলৈ হ’লে অধ্যয়ন কৰিব লাগিব । ইয়াক মনোবৈজ্ঞানিক ভাষাত কি বুলি কয় ?

উঃ সংক্ষেপ বিৱৰণ ।

৫৬) শিক্ষণ ব্যবস্থাৰ যোগেদি শিক্ষণ কৌশল সক্রিয় কৰি তোলাৰ লগতে ভাল ফলাফল দেখুৱাবলৈ কি পথেৰে আগবাঢ়িব লাগিব ?

উঃ নিদান্মুলক শিক্ষা ।

৫৭) শিক্ষা ব্যবস্থাত প্রকল্প পদ্ধতি কোনে প্রথম ব্যবহাৰ কৰিছিল ?

উঃ জন একাউৰি ।

৫৮) প্রকল্প পদ্ধতিৰ মুল উদেশ্য কি ?

উঃ কর্মৰ দ্বাৰা শিক্ষা ।

৫৯) শ্রেণীকোঠাত পাঠদানৰ কোনটো পদ্ধতি অধিক ফলপ্রসু ?

উঃ প্রত্যক্ষ প্রামাণিক পদ্ধতি ।

৬০) এটি শ্রেণীকোঠাত প্রবেশ কৰি শিক্ষকজনে প্রথম কি দিশত চকু দিব লাগিব ?

উঃ বহাৰ ব্যবস্থাপনা ।

৬১) বিষয়বস্তু উপস্থাপনৰ আগতে শিক্ষকজনে কি কৰা উচিত ?

উঃ পূর্ব জ্ঞানৰ ধাৰণা ।

৬২) শিশুকেন্দ্রিক শিক্ষা ব্যবস্থাত শিশুৰ অভিৰুচিত কৰিবলৈ কি পন্থা হাতত লোৱা উচিত ?

উঃ আনন্দদায়ক পদ্ধতি ।

৬৩) TLM মানে কি ?

উঃ শিক্ষণ শিকন সঁজুলি ।

৬৪)শ্রেণীকোঠাত শিশুৰ অপৰাধ প্রবণতা কোনে ৰোধ কৰে ?

উঃ শিক্ষকে ।

৬৫) ঘৰত শিশুৰ অপৰাধ প্রবণতা কোনে ৰোধ কৰে ?

উঃ অভিভাবকসকলে ।

৬৬)কিশোৰৰ অপৰাধ প্রবণতা নিৰাময়যোগ্য হয়নে ?

উঃ হয় ।

৬৭) এজন ব্যক্তিৰ জীৱনত Guidance and Counseling ৰ নিদিষ্ট সময়লৈকে প্রয়োজ আছে নেকি ?

উঃ নহয়, ব্যক্তিৰ জন্মৰ পৰা মৃত্যুলৈকে ইয়াৰ প্রয়োজন আছে ।

৬৮) Guidance and counseling ৰ লগত জড়িত দুজন ব্যক্তিৰ নাম লিখা ।

উঃ আর্থাৰ জে জনচন আৰু মৰিচ ।

৬৯) শিক্ষকে কেনেদৰে অপৰাধ প্রবণতা ৰোধ কৰা উচিত ?

উঃ ভালদৰে সমস্যা অনুধাৱনৰ জড়িয়তে ।

৭০)কোনজন মনোবৈজ্ঞানিকে আচৰণবাদক মনোবিজ্ঞানৰ নতুন ধাৰা হিচাপে প্রতিষ্ঠা কৰিছিল ?

উঃ জে বি বাটচন ।

৭১) শ্রেণীকোঠাত শিক্ষণক ফলপ্রসু কৰি তোলাৰ প্রধান মাধ্যমটো কি ?

উঃ মাতৃভাষা ।

৭২) শ্রেণীকোঠাত পাঠদানৰ সময়ত শিক্ষকে ছাত্র-ছাত্রীসকলৰ পৰা কেনে ধৰণৰ আচৰণ আশা কৰে ?

উঃ সক্রিয় অংশগ্রহণ ।

৭৩) শ্রেণীকক্ষত কোনো নতুন বিষয়ৰ পাঠ অৱতাৰণা কৰোতে শিক্ষকে গ্রহণ কৰিব লগীয়া নীতিতো কি ?

উঃ জনাৰ পৰা নজনালৈ গতি কৰা ।

৭৪) কি শিক্ষা পদ্ধতিৰ দ্বাৰা শিক্ষার্থীয়ে অধিক সোনকালে, কার্যক্ষমভাবে শিক্ষা গ্রহণ কৰিব পাৰে ?

উঃ আত্মকর্মমুলক শিক্ষা নীতিৰ দ্বাৰা ।

৭৫) শিক্ষার্থীয়ে শ্রেণিকক্ষত সম্পাদন কৰা লিখিত কার্যৰ পৰীক্ষা শিক্ষকে কেতিয়া কৰিব ?

উঃ লিখিত কার্য সমাপ্ত হোৱাৰ লগে লগে ।

৭৬) শিক্ষার্থীৰ কৃতকার্যতাৰ মূল্যায়ন কৰাৰ আটাইতকৈ উত্তম ব্যবস্থাটো কি ?

উঃ মাহেকীয়া পৰীক্ষা ।

৭৭) শিশুৰ বাবে প্রথম কিণ্ডাৰ গার্ডেন স্কুলৰ স্থাপন বার্তাজন কোন আছিল ?

উঃ ফ্রেডৰিক ফ্রবেল ।

৭৮)এজন শিক্ষকৰ প্রকৃত কার্য কি?

উঃ শিক্ষার্থীৰ অন্তনিহিত প্রতিভাসমুহৰ সর্বাত্মক বিকাশ ঘটোৱা ।

৭৯) শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কাক আখ্যা দিয়া হয় ?

উঃ পেষ্টালজিক ।

৮০) সকলো মনোবৈজ্ঞানিক তথা বৈজ্ঞানিক অধ্যয়নৰ প্রধান পদ্ধতিটো কি?

উঃ পর্যবেক্ষণ পদ্ধতি ।

৮১) শিক্ষাৰ অভিজ্ঞতা নীতিৰ অর্থ কি ?

উঃ সামন্ত্রীকৰণ ।

৮২) বিদ্যালয়ৰ শ্রেষ্ঠ অভিৰোচকজন কোন ?

উঃ বিষয় শিক্ষক ।

৮৩) মনোবিজ্ঞানক চেতনাৰ বিজ্ঞান হিচাপে অভিহিত কৰা প্রাচীন মনোবিদ সকলে মন সম্বন্ধে অধ্যয়নৰ বাবে নির্ভৰ কৰা পদ্ধতিটো কি আছিল ?

উঃ অন্তদর্শন পদ্ধতি ।

৮৪)নতুন শিক্ষা ব্যবস্থাৰ এটা বৈশিষ্ট উল্লেখ কৰা ।

উঃ বিষ্য শিক্ষাতকৈ শিশুকেন্দ্রিক শিক্ষাতৰ ওপৰত বেছি গুৰুত্ব ।

৮৫) চিত্রাংকন আৰু আর্হি প্রস্তুতকৰণ শিক্ষ্ণৰ কোনটো পাঠৰ অন্তগত ?

উঃ কৌশলগত পাঠৰ ।

৮৬)পাঠ পৰিকল্পনা কি ?

উঃ শিক্ষাদানৰ পুর্বে শিকাব লগীয়া বিষয়ৰ অধ্যয়ন ।

৮৭) শিক্ষা জগতলৈ মনোবিজ্ঞানৰ আটাইতকৈ গুৰুত্বপূর্ণ অৱদান কি ?

উঃ শিশুকেন্দ্রিক শিক্ষা ।

৮৮) প্রাণী মনোবিজ্ঞানৰ আন এটা নাম কি ?

উঃ তুলনামুলক মনোবিজ্ঞান ।

৮৯) কৈশোৰ অবস্থাত দেখা দিয়া বেছিভাগ প্রৱণতা কিহৰ ফলত সৃষ্টি হয় ?

উঃ দলীয় প্রভাব তথা উদ্দীপনাৰ ফল ।

৯০) কার্যত্মক অনুবন্ধনৰ সৈতে জড়িত ব্যক্তিজন কোন ?

উঃ স্কিনাৰ ।

৯১) ব্যক্তিৰ আচৰণ নির্ধাৰণ কৰা অভিপ্রায়জনিত উপদান সমুহ কি কি?

উঃ পিয়াহ, ভোক, টোপনি ।

৯২) শ্রেণিকক্ষৰ মনোবৈজ্ঞানিক দিশৰ ব্যবস্থাপনাৰ দায়িত্বত থকা ব্যক্তিজন কোন ?

উঃ শ্রেণী শিক্ষক ।

৯৩) শিক্ষাদানৰ ক্ষেত্রত শিক্ষকে লবলগীয়া প্রথম পদক্ষেপটো কি?

উঃ শিক্ষার্থীৰ ঘৰুৱা অৱস্থাৰ বুজ লোৱা ।

৯৪) মেডাম মেৰীয়া মণ্টেছৰী কোন দেশৰ মহিলা আছিল ?

উঃ ইটালীৰ ।

৯৫) শ্রেণীকক্ষৰ নিয়মানুৱর্ত্তিতা বর্তাই ৰাখিবলৈ শিক্ষক হিচাপে তুমি কি কৰিবা ?

উঃ শিক্ষার্থীৰ প্রয়োজন আৰু আগ্রহ থকা বিষয় অৱতাৰণা ।

৯৬) শ্রেণীকক্ষত যদি কোনো শিক্ষার্থীয়ে অভদ্র আচৰণ কৰি শ্রেণীটোৰ পাঠদানত ক্ষতি কৰে তেন্তে তুমি কি কৰিবা ?

উঃ নিজৰ কোঠালৈ মাতি নি সমস্যাটো বুজিবলৈ চেষ্টা কৰা ।

৯৭) শ্রেণীকক্ষত যদি শিক্ষকে বুজোৱা বিষয় শিক্ষার্থীয়ে বুজি নাপায় তেন্তে শিক্ষকে কি কৰা উচিত ?

উঃ পাঠটো অধিক উদাহৰণৰ সৈতে পুনৰ বুজাবলৈ চেষ্টা কৰা উচিত ।

৯৮) ভাল পাঠ্যক্রমৰ গুৰুত্বপুর্ণ উপাদান কি ?

উঃ বিষয় আৰু প্রশ্ন ।

৯৯) পাঠক্রমে শিক্ষার্থীক ক’ত জীয়াই থকাৰ উপযোগী কৰি তোলে ?

উঃ বিশাল সমাজত ।

১০০)’প্রচেষ্টা আৰু ভুল” পদ্ধতিটো শিক্ষণৰ কোনটো তত্বৰ লগত জড়িত ?

উঃ সংযোজনবাদ তত্বৰ লগত ।



2 thoughts on “ASSAM TET SOLUTION SERIES-1”

Leave a Comment

error: Warning, you aare not allowed to copy this element