Join Assam Study Centre Channel

Assam Latest Current Affairs :Current Affairs Assam 2022

Assam Latest Current Affairs in the Assamese language. Get Assam latest current affairs daily. Our Assam’s latest current affairs are helpful for preparing APSC, UPSC, SSC, Railway, and for all other competitive examinations.

আজিৰ কাৰেণ্ট এফেয়াৰ্ছ প্ৰশ্নোত্তৰত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস, আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা কৃষ্ণাংগ ন্যায়াধীশ, ইজৰাইলৰ প্ৰধানমন্ত্ৰী আদি বিষয়সমূহ সামৰি লোৱা হৈছে।

) ভাৰতত কেতিয়া ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰা হয়?

ক) ১৫ জুলাই

খ) ১ জুলাই

গ) ১০ জুলাই

ঘ) ২০ জুলাই

) অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰাই শেহতীয়াকৈ কোনখন প্ৰতিযোগিতাত নিজৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিলে?

ক) ডাইমণ্ড লীগ

খ) এছিয়ান গেমছ

গ) বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ

ঘ) বিশ্ব ইনড’ৰ চেম্পিয়নশ্বিপ

) আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম কৃষ্ণাংগ মহিলা ন্যায়াধীশ  হিচাপে কোন নির্বাচিত হৈছে?

ক) পেট্ৰিচিয়া টলিভাৰ গিলছ

খ) কেৰেন এম উইলিয়ামছ

গ) এঞ্জেল কেলি

আপুনি যদি আমাৰ Important Assamese Current Affairs পেজ পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা “টেলিগ্রাম চেনেল” ত জইন হওক “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

ঘ) কেটাঞ্জি ব্ৰাউন জেকচন

) মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী কোন হৈছে?

ক) দেৱেন্দ্ৰ ফাডনাভিছ

খ) একনাথ শিন্দে

গ) অশোক চাৱন

ঘ) অজিত পাৱাৰ

) মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী কোন হৈছে?

ক) একনাথ শিন্দে

খ) দেৱেন্দ্ৰ ফাডনাভিছ

গ) নৰহৰি সীতাৰাম জিৰৱাল

ঘ) ৰামৰাজে নাইক নিম্বলকাৰ

) ইজৰাইলৰ ১৪ সংখ্যক প্ৰধানমন্ত্ৰী কোন হৈছে?

ক) নাফতালি বেনেট

খ) বেঞ্জামিন নেতানিয়াহু

গ) য়াইৰ লাপিড

ঘ) শ্বেলী ৰেচেল ইয়াচিমোভিচ

৭) ভাৰতৰ সৰ্ববৃহৎ সৌৰশক্তি কেন্দ্ৰ ক‘ত স্থাপন কৰা হৈছে?

ক) অন্ধ্ৰ প্ৰদেশ

খ) ওড়িশা

গ) তামিলনাডু

ঘ) তেলেংগানা

Assam Latest Current Affairs উত্তৰসমূহঃ

১) ১ জুলাই

বিশিষ্ট চিকিৎসক ডাঃ বি চি ৰয়ৰ জন্ম দিনত ভাৰতত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস প্ৰতি বছৰে ১ জুলাইত  উদ্‌যাপন কৰা হয় । ২০২২ চনৰ  ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ বিষয়বস্তু হৈছে ‘ফ্ৰন্ট লাইনত থকা পৰিয়ালৰ চিকিৎসক’। এইবাৰৰ থিমটোত চিকিৎসক সকলৰ সেৱা আৰু মানৱতাৰ প্ৰতি সমৰ্পিত অৱদানৰ ওপৰত আলোকপাত কৰা হৈছে।

২) ডাইমণ্ড লীগ

টকিঅ’ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাই ২০২২ চনৰ ৩০ জুনত ষ্টকহ’মত অনুষ্ঠিত প্ৰতিষ্ঠিত ডাইমণ্ড লীগত ৰূপৰ পদক লাভ কৰে। তেওঁ ৮৯.৯৪ মিটাৰ জেভেলিন নিক্ষেপ কৰি নিজৰ পূৰ্বৰ অভিলেখ ভংগ কৰি আন এক উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়। ইয়াৰ পূৰ্বে ১৪ জুনত তুর্কীত অনুষ্ঠিত পাভে নুৰ্মী গেমছত ৮৯.৩০ মিটাৰ দূৰত্বত জেভেলিন দলিয়াই তেওঁ ৰূপৰ পদক লাভ কৰিছিল।

৩) কেটানজি ব্ৰাউন জেকচন

২০২২ চনৰ ৩০ জুনত কেটানজী ব্ৰাউন জেকচনে উচ্চতম ন্যায়ালয়ত কাৰ্যনিৰ্বাহ কৰা প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা হিচাপে শপত গ্ৰহণ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰত ইতিহাস ৰচনা কৰিছিল।

৪) একনাথ শিন্দে

২০২২ চনৰ ৩০ জুনত মুম্বাইৰ ৰাজভৱনত একনাথ শিণ্ডেই মহাৰাষ্ট্ৰৰ ২০ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁ ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰ ৰাজ্য চৰকাৰত নগৰ উন্নয়ন আৰু ৰাজহুৱা কাম-কাজ (ৰাজহুৱা উদ্যোগ)ৰ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

৫) দেৱেন্দ্ৰ ফাডনাভিছ

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ২০১৪-১৯ চনলৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা দেৱেন্দ্ৰ ফাডনাভিছে এক যুটীয়া সংবাদমেলত ঘোষণা কৰিছিল যে হয় একনাথ শিণ্ডে নহয় তেওঁ নতুন মুখ্যমন্ত্ৰী হ’ব। গৃহমন্ত্ৰী অমিত শ্বাহে পিছত টুইটযোগে জনোৱা মতে, বিজেপিৰ সভাপতি জে পি নাড্ডাৰ নিৰ্দেশত ফাডনাভিছে নতুন চৰকাৰৰ অংশ হ’বলৈ সন্মত হৈছে।

৬) য়াইৰ লাপিড

য়াইৰ লাপিডে ইজৰাইলৰ ১৪ সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে আনুষ্ঠানিকভাৱে নিযুক্তি লাভ কৰিছে । তেওঁৰ কাৰ্যকাল চুটি হ’ব পাৰে কাৰণ তেওঁ ১ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ইজৰাইলৰ নিৰ্বাচনৰ পূৰ্বে কেয়াৰটেকাৰ চৰকাৰখন গ্ৰহণ কৰিছে। ইজৰাইলৰ এজন ৰাজনীতিবিদ তথা প্ৰাক্তন সাংবাদিক য়াইৰ লাপিড ২০২২ চনৰ ১ জুলাইৰ পৰা ইজৰাইলৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্রহণ কৰিছে।

৭) তেলেংগানা

ভাৰতৰ সৰ্ববৃহৎ ভাসমান সৌৰশক্তি কেন্দ্ৰটো তেলেংগানাৰ ৰামাগুণ্ডমত সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰা হৈছে। ৰাষ্ট্ৰীয় তাপ শক্তি নিগমে ২০২২ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱা মুঠ ১০০ মেগাৱাট ৰামাগুণ্ডম ভাসমান সৌৰ পিভি প্ৰকল্পৰ ভিতৰত ২০ মেগাৱাট প্লাণ্টটোৰ চূড়ান্ত ক্ষমতা বাণিজ্যিকভাৱে চলোৱা ঘোষণা কৰে।

Leave a Comment

error: Warning, you aare not allowed to copy this element