Join Assam Study Centre Channel

A Dictionary in English and Assamese- Miles Bronson

First English-Assamese Dictionary by Miles Bronson

In the year 1812, Miles Bronson was born at Newyork city of USA. At very beginning he came to Assam for propagating the Christianity but afterward he made a valuable contribution towards Assamese language and Literature. In the year 1836 he came to Assam and settled at Sadia and then Jaypur and Namchang. During this period he becoame more closer to the local residents of these places and tried to communicate with them. Especially he became more intimate with the Nagas and after that he brought out  the famous book “East Naga”.

Historian Mackenzie said that before and even after Bronson no other European became more closer with Nagas of India than Bronson. His affinity towards the Nagas was interesting. But for some reasons he left out that places and went to Nagon via Sivasagar. 

Although he came to Assam to propagate Christianity, at the same time he was engaged to spread education among the masses of Assam. He was the among of those who fought against the imposition of Bengali Language in Schools, Courts and offices of Assam. By taking the data of Jaduram Boruah, he finally composed “English-Assamese Dictionary” for the first time in Assam. More than 14000 word were included in this Dictionary and it was published from the Baptist Missionary Press of Sivasagar. This Dictionary is an integral part of development of Assamese Language and Literature. Even he engaged to Scripting the Bibel into Assamese Language. He was one of the social reformers of that period. He established a co-educational school at Nagaon in the year 1841 both for the boys and girls.

 

১৮১২ চনত আমেৰিকা যুক্তৰাষ্ট্রৰ নিউয়র্ক চহৰত মাইলচ ব্রনচনৰ জন্ম হৈছিল । প্রথম অবস্থাত তেওঁ অসম তথা ভাৰতবর্ষলৈ খ্রীষ্টান মিছনেৰীৰ দায়িত্ব পালনৰ হেতু আহিছিল যদিও কালক্রমত অসমীয়া ভাষা জগতলৈ তেওঁ অনবদ্য অৱদান আগবঢ়াই যায় । তেওঁ ১৮৩৬ চনত  সৈতে অসমলৈ আহে । অসমলৈ আহি তেওঁ শদিয়াত থাকিবলৈ লয়, তাৰ পাছত জয়পুৰ আৰু নামচাংত গৈ থাকে । এই অঞ্চলবিলাকত থাকোতেই তেওঁ স্থানীয় বাসিন্দাসকলৰ লগত মিলি যায় আৰু কথা-বতৰাৰ আদান-প্রদান কৰিবলৈ আৰম্ভ কৰে । বিশেষকৈ স্থানীয় নগাসকলৰ সৈতে তেওঁ মিলি পৰে আৰু “East Naga” নামেৰে প্রথমখন গ্রন্থ লিখি উলিয়ায় ।

ইতিহাসবিদ মেকেঞ্জিয়ে সঠিকভাবেই উল্লেখ কৰিছে যে ব্রনচনৰ পুর্বে আনকি পাছতো কোনো ইউৰোপিয়ান ব্যক্তি নগাসকলৰ লগত ইমান মিলি যোৱা নাছিল। কিন্তু কিছুমান কাৰণত তেওঁ নগাসকলৰ ওচৰৰ পৰা আতঁৰি শিৱসাগৰৰ পৰা নগাঁওলৈ গুচি আহে।

অসমত ব্রনচনে খ্রীষ্টান ধর্ম প্রচাৰৰ সমান্তৰালভাবে স্থানীয় জনসাধাৰণক শিক্ষা প্রদান কৰাৰ মহৎ কার্যও কৰিছিল । উল্লেখযোগ্য যে বৃটিছ চৰকাৰে অসমৰ চৰকাৰী কার্যালয়, আদালত,স্কুলত বেংগলী ভাষা ব্যৱহাৰ কৰাত প্রতিবাদ কৰা ব্যক্তিসকলৰ ভিতৰত এজন উল্লেখযোগ্য আছিল । ১৮৬৭ চনত যদুৰাম বৰুৱাৰ তথ্য সম্বল লগত লৈ তেওঁ প্রথমখন অসমীয়া-ইংৰাজী অভিধান প্রকাশ কৰি উলিয়াইছিল । এই অভিধানখনত প্রায় ১৪০০০ শব্দ অন্তভুক্ত আছিল । ইয়াক শিৱসাগৰস্থিত বেপ্তিষ্ট মিছনেৰী প্রেছৰ পৰা প্রকাশ কৰা হৈছিল । অসমীয়া ভাষাৰ উত্তৰণৰ লগত এই অভিধানখন ওতপ্রোত ভাবে জড়িত। তেওঁ আনকি বাইবেলখনকো অসমীয়া ভাষালৈ অনুবাদ কৰিবলৈ আৰম্ভ কৰিছিল । অসমৰ সমাজ সংস্কাৰৰ সৈতে ব্রনচন ওতপ্রোত ভাবে জড়িত হৈ পৰিছিল । আনকি তেওঁ নগাঁওত লৰা- ছোৱালী উভয়ৰ বাবে ১৮৪১ চনতএখন বিদ্যালয় প্রতিষ্ঠা কৰিছিল ।

 মাইলচ ব্রনচনে ১৮৭৬ চ নত অসম ত্যাগ কৰিছিল যদিও যাবৰ সময়ত কৈ গৈছিল যে তেওঁ যদিও অসম ত্যাগ কৰিছে তেওঁৰ অন্তৰ সদায় অসমৰ লগত থাকিব।  ১৮৮৩ চনত তেওঁৰ মৃত্যু হৈছিল।

Leave a Comment

error: Warning, you aare not allowed to copy this element