Join Assam Study Centre Channel

অসমীয়া জটুৱা ঠাঁচ । খণ্ডবাক্য । বাক্যৰচনা -২

50 Assamese idioms and proverbs উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষৰ ছাত্র-ছাত্রী সকলৰ বাবে আগবঢ়াই দিয়া হৈছে অসমীয়া বিষয়ৰ ব্যাকৰণ। পৰীক্ষাত অৱতীর্ণ হ’ব পৰাকৈ বিভক্তি্‌ প্রত্যয় আৰু কাৰকৰ বিভিন্ন প্রশ্ন উত্তৰসহ ইয়াত আলোচনা কৰা হৈছে। 50 Assamese idioms and proverbs

50 Assamese idioms and proverbs

১০১) বুদ্ধিত বৃহস্পতি (অতিশয় বুধিয়ক) -গাঁওখনৰ ভিতৰতে ৰমেন বুদ্ধিত বৃহস্পতি, নজনা কথা একো নাই। 

১০২) ভাতৰ ভতুৱা (অকামিলা মানুহ) -সি কেৱল ভাতৰ ভতুৱা, কোনাে কামৰ বাবেই উপযুক্ত নহয়।

১০৩) ভাতে ভঁৰালে খোৱা (সাঁচি ৰাখি খোৱা) :-মানুহঘৰে সদায় ভাতে ভঁৰালে খাইছে।

১০৪) ভিকাচন ভগা (জীৱিকাৰ উপায় নোহোৱা) -হালৰ গৰু এটা বেমাৰত পৰি মৰাত এই বছৰ খেতি কৰাৰো ভিকাচন ভাগিল। 

১০৫) ভুচুং পহু (হাঁহিয়াতৰ পাত্র) -এই বেশ-ভূষাৰে তাক বিয়া ঘৰলৈ যাবলৈ নিদিবা, লৈ গৈ সি ভুচুং পহুহে হ’বগৈ। 

১০৬) ভেঁকো ভাওনা (কোনো কাৰ্যৰ বিকৃতি) -ইমানখিনি আড়ম্বৰৰ পিছত সভাখন শেষত ভেঁকো ভাওনাতহে পৰিণত হ’ল। 

১০৭) মনে সজা (কাল্পনিক) – সি বর্ণনা কৰা গোটেই ঘটনাটোৱে প্ৰকৃততে এটা মনে  সজা ঘটনা।

Assamese Phrases

১০৮) মৰণত শৰণ দি (প্রাণ পণে) -মৰণত শৰণ দি খেলি অৱশেষত দলটো জয়ী হ’ল। 

১০৯) মৰোঁ জীও সোঁ আদিকৈ (অশেষ যত্ন কৰি) – মৰো জীও সোঁ আদিকৈ লগাত  অৱশেষত সি বি.এ. পৰীক্ষাত উত্তীর্ণ হ’ল।

১১০) মুৰে কপালে হাত দিয়া (বৰকৈ বেজাৰ কৰা) -দুর্ঘটনাত দেউতাকৰ মৃত্যু হোৱাৰ বাতৰি শুনি ল’ৰাটোৱে মূৰে-কপালে হাত দি বহি আছে। 

১১১) মূৰত টাঙোন মৰা (অপূৰণীয় ক্ষতি কৰা) – মূৰামূৰি সময়ত টকা দিব নোৱাৰে বুলি কৈ তেওঁ মোৰ মূৰত টাঙোন মাৰিলে। 

১১২) মূৰ পোলোকা দিয়া (দায়িত্বৰ পৰা আঁতৰি থকা) -মূৰ পোলোকা দিয়া স্বভাৱটোৰ  বাবেই কোনেও তাক দায়িত্ব দিব নোখোজে। 

১১৩) মূৰে ভৰি কঢ়া (অতপালি কৰা) -টকাৰ গৰ্বত মূৰে ভৰি কাঢ়ি সি গুৰু-গোসাঁই কাকো নমনা হৈছে। 

১১৪) ৰসতে নাম থোৱা (উশাহতে কাম শেষ কৰা) -ৰসতে নাম থৈ গাঁৱৰ মানুহখিনিয়ে নামঘৰটো সম্পূর্ণ কৰিলে।

১১৫) ৰৌজাল বৌজাল (হৈ চৈ, হুলস্থুল) – ছোৱালীজনী পলাই যোৱা কথাটো গাঁওখন ৰৌজাল বৌজাল হৈ পৰিল।

১১৬) লেকলৌ পৰুৱা (লানি নিছিকৈ যোৱা পৰুৱা) – লেকলৌ পৰুৱাৰ দৰে মুখ্যমন্ত্রী গাড়ীৰ পাছে পাছে অলেখ গাড়ী গৈছে। 

১১৭) শঠা মিতিৰ (কপটীয়া বন্ধ) :-ৰমেন ৰবীনৰ শঠামিতিৰ, তাৰ বাবেই ৰবীন এদিন বিপদত পৰিব।

১১৮) শ’লঠেকত পৰা (বিপদত পৰা) -আৰক্ষী বাহিনীয়ে আগুৰি ধৰাত হাবিত লুকাই থকা ডকাইতকেইটা শ’লঠেকত পৰিল।

১১৯) শহাকণীয়া (সদায় সতর্ক, সজাগ) -কুকুৰটো বৰ শহাকণীয়া, তাৰ বাবেই গিৰিহঁত চোৰৰ পৰা ৰক্ষা পৰিছে। 

১২০) সময়ৰ শৰ (সময়মতে কৰিবলগা কাম) -সময়ৰ শৰ মাৰিব জনা মানুহে জীৱন উন্নতি কৰিব পাৰে।

Assamese Grammar

১২১) সাত বিহুৰ সৈয়াকণী (অশেষ ঠেকা খাই টেঙৰ হোৱা মানুহ) :-ৰমেনক ঠগিব নোৱাৰা, গাঁওখনৰ ভিতৰত সিয়েই সাত বিহুৰ সৈয়াকণী। 

১২২) সান্দহ খোৱা বালি তল যোৱা (পূর্বৰ সুবিধা নোহোৱা হোৱা) – নিবাচনত  পৰাজিত হোৱাত মন্ত্ৰীৰ লগত ছাঁৰ দৰে লাগি থকা মানুহকেইটাৰ সান্দহ খোৱা বালি তল গল। 

১২৩) হয়ভৰ দিয়া (সমর্থনকৰা) -মন্ত্ৰীৰ কথাত হয়ভৰ দিয়া মানুহৰ সংখ্যা সৰহ। 

১২৪) হাত দীঘল (ক্ষমতাশালী) -বৰুৱা হাত দীঘল মানুহ, তেওঁ এসপ্তাহতে বিয়াৰ যোগাৰ সম্পূৰ্ণ কৰিলে। 

১২৫) হাত টান (কৃপণ) -বৰুৱা হাত টান মানুহ, বিহু সন্মিলনৰ বাবে তেওঁ মাত্র ২০ টকাহে দান দিলে। 

১২৬) হাত লৰ (চোৰ)-মানুহজনীৰ হাত লৰ স্বভাৱটোৰ বাবেই গাঁৱৰ মানুহে ভাল নাপায়।

১২৭) হাতত সাৰে ভৰিত সাৰে (সন্তর্পণে) -হাতত সাৰে ভৰিত সাৰে মানুহটো কোঠাত সোমাই আহিল। 

১২৮) হাড় পেলা (দেহ ত্যাগকৰা) -প্রভু ঈশ্বৰে হাড় পেলোৱা কুৰি বছৰেই হ’ল। 

১২৯) হাড়ত বন গজা (মৰিবৰ দিন হোৱা) :- তেওঁৰ কথা সুধিছা, তেওঁৰ হাড়তো বন গজিল।

১৩০) হিয়াৰ আমঠু (প্রিয়তম লোক) -একমাত্র পুতেকটো মাক বাপেকৰ হিয়াৰ আমঠু,  নয়নৰ মণি। 

১৩১) কপাল ফুল (সৌভাগ্য উপস্থিত হোৱা) -ৰীণাৰ চাকৰিটোৱে মাক-পিতাকৰ কপাল ফুলালে।

১৩২) কপাল ফুটা (দুভাগ্য উপস্থিত হোৱা) :- বছৰি হোৱা বান পানীয়ে অসমবাসী ৰাইজৰ কপাল ফুটাই আহিছে। 

আপুনি যদি আমাৰ এই লেখা পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক

১৩৩) কাঁহ পৰি জীণ যা (নিশ্ৰুপ হৈ ৰোৱা) – শিক্ষকে শ্ৰেণীকোঠাটিত প্ৰৱেশ কৰাৰ লগে লগে গোটেই শ্ৰেণীকোঠাটোৱেই কাঁহ পৰি জীণ যোৱাৰ দৰে হ’ল। 

১৩৪) খাই পাত ফলা (বিশ্বাসঘাতক বা অশলাগী) -খাই পাত ফলা মানুহক কোনেও সংগ দিব নিবিচাৰে। 

১৩৫) গাই বাই চা (চেষ্টা কৰি চোৱা) -ল’ৰাটোক ভালৰ ৰাস্তালৈ আনিবলৈ গাই বাই চালো, তথাপি সি ভাল নহ’ল। 

১৩৬) চকু মুদ (মৃত্যু হোৱা) – বহুদিন বিচনাতে পৰি থাকি অৱশেষত মানুহজনে চকু মুদিলে।

১৩৭) তেজক পানী কৰ (কঠোৰ পৰিশ্ৰম কৰা) – ল’ৰা-ছোৱালীহালক মানুহ কৰিবলৈ যদুৱে তেজক পানী কৰি পৰিশ্ৰম কৰিছে। 

Assamese idioms and proverbs

১৩৮) পানীক (অর্থ বুজিবলৈ সহজ কৰ) -অতি কঠিন বিষয় এটিও শিক্ষক-শিক্ষয়িত্ৰীয়ে পানী কৰি বুজাই দিলে ছাত্র-ছাত্রী উপকৃত হয়।

১৩৯) বুকুৰ তেজ (প্রাণশক্তি) -সি বুকুৰ তেজ ঢালি পুতেকক পঢ়ালে, কিন্তু পুতেক  হ’লগৈ গভাইত চোৰ। 

১৪০) মুখৰ ছাই গুচা (মৃতকৰ শৰাধ কৰি শুচি হ) -নিথৰুৱা ল’ৰাটোৱে বাপেকৰ মুখৰ ছাই গুচাব কিদৰে তাকে ভাবি ভাবি বিবুধিত পৰিছে।

১৪১) মূৰ দোৱা (সেৱা জনোৱা) :-অৱশেষত হৰিয়ে ৰাইজৰ ওচৰত মূৰ দোৱাই ক্ষমা  খুজিলে।  

১৪২) সোণৰ সোলেং (অতি সাদৰৰ) :-ককাদেউতাৰ দিনৰ সম্পত্তিবোৰ হৰিৰ বাবে সোণৰ সোলেং স্বৰূপ। 

১৪৩) সাত ঘাটৰ চেঙেলী (অতি চতুৰ বুদ্ধিৰ) -সাত ঘাটৰ চেঙেলী ললাকে যিকোনো কথাতে সহজে হাৰ মানিব নুখখাজে। 

১৪৪) পেটে ভাতে খা (কোনোমতে চলি থকা) – আজিকালি প্রায় সকলো লোকেই ব্যক্তিগত খণ্ডত চাকৰি কৰিয়েই পেটে ভাতে খাই থাকিব লগা হৈছে। 

১৪৫) ৰৌ টোকে ঢৌটো কৰ (সৰু কথাক ডাঙৰ কৰ) :-যদু আৰু হৰিৰ কথা কটাকটিটোকে মধুৱে ৰৌটোকে ঢৌটো কৰি সকলোকে জনাই দিলে। 

১৪৬) কাণকটা (লাজত পেলোৱা) -মধুৰ হাতলৰ স্বভাৱটোৰ বাবে তাৰ পৰিয়ালটোৰ কাণ কটা অৱস্থা কৰিলে। 

১৪৭) কঁকাল দঙা (মুকলি হোৱা) – খেতিৰ কাম শেষ কৰি মাধৱে কোনোমতে আজি কঁকাল দাঙিছে। 

১৪৮) গা ঘেলাই ফুৰা (কাম বন নকৰি ধুন-পেছ মাৰি ফুৰা) -গা ঘেলাই ফুৰা মানুহে কেতিয়াও জীৱনত উন্নতি কৰিব নোৱাৰে। 

১৪৯) চকু চৰহা (আনৰ ভাল দেখিব নোৱাৰা) – চকু চৰহা লোকৰ সংগত থাকিলে বিপদ হোৱাৰ সম্ভাৱনা বেছি। 

১৫০) পেট কুলি (বাহিৰত শান্ত,ভিতৰি দুষ্ট) -পেট কুলি স্বভাৱৰ মানুহৰ বিশ্বাস পোৱাটো বৰ টান।

১৫১) বাটে পোৱালি মেলা (বিবুদ্ধিত পৰা) -শিক্ষকৰ কথাত গুৰুত্ব নিদিয়া বাবে পৰীক্ষাৰ দিনাখন ৰাজীৱৰ বাটে পোৱালি মেলা অৱস্থা হ’ল। 

১৫২) অচিন কাঠৰ ঠোৰা (ভালদৰে নজনাকৈ বিশ্বাস কৰা) – অচিন কাঠত ঠোৰা লগোৱা মানুহে য’তে-ত’তে ঠগ প্ৰৱঞ্চনাৰ বলি হ’ব লগা হয়। 

১৫৩) অজীন পাতকী (বিশ্বাসঘাতক) -এচাম অজীন পাতকী লোকৰ বাবেই সমাজখন দিনে দিনে বেয়াৰ ফালে ঢাল খাইছে।। 

১৫৪) কুন্দত কটা (ধুনীয়া) -কুন্দত কটা ছোৱালী দেখিলে ডেকাবোৰৰ গা ৰাই-জাই কৰে। 

১৫৫) জয়দেউ কাকূতি (কাতৰ প্রার্থনা) -মধুৱে জয়দেউ কাকূতি কৰিও ৰাইজৰ ৰোষৰ পৰা ৰেহাই নাপালে। 

১৫৬) ঢৌতে খৰ মাৰি (সয়ম নষ্ট নকৰি) :- ঢৌতে খৰ মাৰি কামবোৰ নকৰিলে জীৱনৰ বাটত পিছ পৰিবলগীয়া হয়।

১৫৭) বিৰ দি বাট নোপোৱা (অজস্র লোক সমাগম) -বিহু-পূজাৰ সময়ত ৰাস্তাবোৰ বিৰ দি বাট নোপোৱা হয়। 

১৫৮) পেট মচা (একমাত্র সন্তান) – গিৰিয়েকৰ মৃত্যুৰ পিছত বেচেৰী ৰীণাই পেচ মচা সন্তানটিক লৈ বৰ কষ্টত দিন কটাইছে।। 

১৫৯) ভেকুলীৰ পিঠিত নোম গজা (অসম্ভৱ কাৰ্য) -ৰাজেনৰ ভেকুলীৰ পিঠিত নোম গজা কথা শুনি সকলোৱে হাঁহিলে, পেটৰ ভাতমুঠি সি কেনেৱাকৈ যোগাৰ কৰি আছে, তাতে  আকৌ গাড়ী কিনাৰ কথা কয়।

১৬০) কাঠ সংস্কাৰ কৰা (মানুহক দাহন কৰা) – মৌজাদাৰক কাঠ সংস্কাৰ কৰিবলৈ  শ্মশানত বহু লোক সমাগম হৈছিল। 

Leave a Comment

error: Warning, you aare not allowed to copy this element