Join Assam Study Centre Channel

অসমীয়া জটুৱা ঠাঁচ । খণ্ডবাক্য । বাক্যৰচনা

100 Assamese Proverbs and idioms

অসমীয়া ভাষাত ইণ্টাৰনেট জগতত জটুৱা ঠাঁচ , খণ্ডবাক্য বিচাৰি চালে তথ্য অতি কম পোৱা যায়। উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষৰ পৰীক্ষার্থী সকলৰ বাবে আগবঢ়াই দিছো ১০০ টা জটুৱা ঠাঁচ, খণ্ডবাক্য। Read 100 Assamese Proverbs and idioms.

১) অজীন পাতকী (মিলিৰ নোৱাৰ) – অজীন পাতকী লোকে কাৰো লগত মিলিল নোৱাৰে । 

২) অথাই সাগৰ (ডাঙৰ বিপদ) -নভৱা-নিচিন্তাকৈ কাম কৰিলে কেতিয়াবা অথাই সাগৰত পৰিব লগা হয়। 

৩) অনাই বনাই ( লক্ষ্যহীনভাৱে ঘূৰি ফুৰা) – অনাই-বনাই ঘূৰি ফুৰা লোকে জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰে। 

৪) অমাতৰ মাত (শুৱলা মাত) – অমাতৰ মাত আৰু আকালৰ ভাত কোনেও পাহৰিব নোৱাৰে।

৫) অহুকাণে পহুকাণে (উৰা বাতৰি, ইকাণ সিকাণকৈ):-অহুকাণে পহুকাণে শুনা কথা কেতিয়াও বিশ্বাস কৰিব নালাগে। 

৬) আওমৰণে মৰা (অস্বাভাৱিক মৃত্যু) :- পিতৃ-মাতৃৰ হাক-বচন নামানি ওলাই গৈ ল’ৰাটো আওমৰণে মৰিল। 

100 Assamese Proverbs and idioms

৭) আকাশী সৰগ ভাগি পৰা (ডাঙৰ বিপদত পৰা) -মানুহজনৰ অকাল বিয়োগৰ বাবে ঘৈণীয়েকৰ মূৰত আকাশী সৰহ ভাগি পৰা যেন হ’ল। 

৮) আকালৰ ভাত (বিপদৰ সময়ত সহায় পোৱা):- আকালৰ ভাত দিওঁতাজনক কেতিয়া  পাহৰিব নাপায়। 

৯) আঁচলৰ ধন (অতি আদৰৰ, অতি মৰমৰ, অতি চেনেহৰ) :- মাক-দেউতাকৰ বাবে ল’ৰা-ছোৱালী সদায়ে আঁচলৰ ধন। 

১০) আটোমটোকাৰি (পৰিপাটি) -নিজৰ ঘৰখন সকলোৱে আটোমটোকাৰিকৈ ৰাখিব বিচাৰে।

১১) আঁঠুৱাৰ তলৰ মহ (নিজৰ অধীনৰ, বশ কৰিব পৰা) -সি মোৰ বাবে আঁঠুৱা তলৰ মহ, তাৰ বাবে মই চিন্তা কৰা নাই।

১২) আঠুৱা চাই ঠেং মেলা (আর্জন চাই ব্যয়) -আঁঠুৱা চাই ঠেং মেলিব নোৱাৰিলে মানুহ বিপদত পৰে।

১৩) আভুৱাভাঁৰা (ভুৱা দিয়া, বঞ্চনা কৰা) :-হৰিনাথৰ আভুৱাভাঁৰা কথাত আজিকালি  গাঁৱৰ কোনো মানুহ ভোল নাযায়। 

১৪) আৰণি-পুৰণি (বহুদিনীয়া পুৰণি)– ককাদেউতাৰ মুখত আমাৰ অঞ্চলটোৰ আৰণি পুৰণি ভালেমান কথাৰ সম্ভেদ পালো। 

১৫) আলাসৰ লাড়ু (অতি মৰমৰ) :-তিনিজনী ছোৱালীৰ পিছৰ একমাত্ৰ ল’ৰাটো মাক  বাপেকৰ আলাসৰ লাড়ু, নয়নৰ মণি। 

১৬) আলৈ আথানি (নিৰাশ্রয়, নিঃসহায়) -দুর্ঘটনাটোত মাক-বাপেক দুয়োৰে মৃত হোৱাত  কম বয়সীয়া ল’ৰা-ছোৱালীহালৰ আলৈ আথানি হ’ল। 

১৭) আকাশত চাং পতা (অলীক কল্পনা) – আকাশত চাং পাতি ফুৰা মানুহে জীৱনৰ উন্নতি কৰিব নোৱাৰে। 

১৮) আহুকলীয়া (বিঘিনিপূর্ণ):-আহুকলীয়া কামবোৰৰ মানুহজনে সহজে কৰিব পাৰে।

১৯) হা বিনাই (ডাঙৰকৈ চিঞৰি থকা) –মাকজনীৰ হঠাতে মৃত্যু হোৱাত ছোৱালীজনীয়ে  ইনাই-বিনাই কান্দিছে। 

Assamese Phrases and idioms

২০) উখনা উখনি (বাদ বিবাদ, খৰিয়াল) -বাছৰ ভাড়াক লৈ যাত্ৰী আৰু বাছৰ পৰিচালকৰ মাজত উখনা উখনি লাগিছে। 

২১) উখল মাখল (খৰখেদাত হোৱা হুলস্থল) -বিহুতলীত মানুহৰ উখন মাখল লাগিছে। 

২২) উধনীয়া ভেম (অহংকাৰী) -মানুহজনৰ উধনীয়া ভেমটোৰ বাবেই গাঁৱৰ কোনো মানুহ তেওঁৰ ওচৰলৈ যাব নোৱাৰে। 

২৩) উনৈছত বা বলা (আনন্দত আত্মহাৰা) :-ঊনৈছত বা বলাই ফুৰা ডেকাক কোনেও  ভাল নাপায়।

100 Assamese Proverbs and idioms

২৪) উৰহীৰ ওৰ (মূল ৰহস্য) – ঘটনাটোৰ উৰহীৰ ওৰ নোপোৱালৈকে তেওঁ ঘৰ আহিবলৈকে ইচ্ছা কৰা নাছিল।

২৫) উলুৰ লগত বগৰী পোৰা (দোষীৰ লগত নির্দোষীৰ শাস্তি) – দুষ্ট লোকৰ লগন বেছি হলি গলি কৰিলে উলুৰ লগত বগৰী পোৰা যাব লগা হয়। 

২৬) উলাহৰ মাদলি (আনন্দত উত্ৰাৱল হৈ থকা) – চাকৰিটো পোৱাৰ খবৰ শুনি সি একেবাৰে উলাহৰ মাদলি হৈ পৰিল। 

২৭) একাদশত বৃহস্পতি (সৌভাগ্য উপস্থিত) – ‘মানুহজনৰ একাদশত বৃহস্পতি পোন নহ’লে লটাৰীৰ প্ৰথম পুৰস্কাৰটো তেওঁ নাপালেহেঁতেন। 

২৮) এসূতৰ কাজী (পাকৈত শিপিনী) -মানুহগৰাকী এসূতৰ কাজী, তাঁতৰ কাম সকলো জানে।

২৯) ওভতগোৰে নচা (ৰঙতে নকৰিবলগীয়া কাম) :-বৰকৈ ওভতগোৰে নাচিলে তাৰ প্রতিদান এদিন পাবই। 

৩০) কণাৰ লাখুটি (বিপদৰ সহায়) -কণাৰ লাখুটিস্বৰূপ একমাত্র জীয়েকজনীৰ বিয়া হৈ যোৱাত বুঢ়ী মানুহগৰাকীৰ যথেষ্ট অসুবিধা হৈছে। 

৩১) কথা চহকী (কথকী লোক):-কথা চহকী লোকে কথাৰ মহলা মাৰি বৰ ভাল পায়। 

৩২) কাণে কাণ মাৰি (কোনোৰকমে) -আজিকালি কাণে কাণ মাৰি পৰীক্ষাত উত্তীর্ণ, হলে ভাল শিক্ষানুষ্ঠানত নামভৰ্ত্তিৰ বাবে বৰ অসুবিধা হয়। 

৩৩) কাণ সৰালি মৰা (নুশুনা ভাও জোৰা, গা এৰা দিয়া):-ইমানটো হুলস্থুল হৈ যোৱাৰ পিছতো সি কাণ সৰালি মাৰি বহি থাকিল। 

100 Assamese Proverbs and idioms

৩৪) কাণ সাৰ কৰা (মনোযোগ দিয়া) -ল’ৰাটোৰ প্রতি মাক বাপেকৰ কাণ সাৰ নকৰাত সি অবাটে গ’ল। 

৩৫) কাহিলি কাহিলি (অলপীয়া পোহৰ) -কাহিলি কাহিলি পোহৰতে মানুহজন ৰে’লত উঠি গুৱাহাটীলৈ গ’ল। 

৩৬) কেহেলি-কেন্দেলি (আলম-বিলম) – কেহেলি-কেন্দেলি কৰি ঘৰৰ পৰা ওলোৱা বাবে তেওঁ সাত বজাৰ বাছখন ধৰিব নোৱাৰিলে। 

৩৭) খাই পাত ফলা (অকৃতজ্ঞ) -খাই পাত ফলা মানুহক কোনেও ভাল নাপায়। 

৩৮) গছত তুলি গুৰি কটা (প্রথমে দায়িত্ব লৈ পিছত দায়িত্ব এৰি দিয়া) – তেওঁ গছত তুলি গুৰি কটা মানুহ, মূৰামূৰি সময়ত সম্পাদকৰ পদটো এৰি দিলে। 

৩৯) গহৰা গজা (নিজে নিজে গজা) :-গহৰা গজা গছৰ পৰা ভাল ফল পোৱা নাযায়।

৪০) গাজত লগা (মর্মভেদী) -মানুহটোৰ কথাবোৰ গাজত লগা, শুনিবলৈকে টান। 

৪১) গাখীৰতে ম’হৰ খুঁটি (ভালতে আৰু ভাল হোৱা) :- তেওঁৰ এতিয়া গাখীৰতে ম’হৰ খুঁটি, ল’ৰাটোৱে ভালকৈ পাছ কৰাৰ পিছতে চাকৰিটোও পালে। 

৪২) গাই বাই চা (সকলো প্ৰকাৰে যত্ন লোৱা) :-সি বহুত গাই বাই চালে,ৰাইজ কিন্তু তাৰ কথাত মান্তি নহ’ল। 

৪৩) গা ধৰা (শকত হোৱা) :-চাপৰিত থকাৰ পৰা গৰুহালৰ ভালকৈয়ে গা ধৰিছে। 

৪৪) গা সৰা (বিপদৰ পৰা ৰক্ষা পৰা) :- বিহু সন্মিলনৰ সম্পাদকৰ পদৰ পৰা তেওঁ এইবাৰ কোনোমতে গা সাৰিলে। 

৪৫) গেলাতে টেঙা দিয়া (দুখতে দুখ দিয়া) :- ঘৈণীয়েকৰ আকস্মিক মৃত্যুত মানুহজন জুৰুলা হৈ আছে, তাতে পইচা বিচাৰি ধৰুৱাবোৰে তেওঁক গেলাত টেঙা দিছে।

৪৬) গোজেই গজালি হোৱা (অলপ সুবিধা পাই স্থায়ী হৈ ৰোৱা) -নিৰাশ্রয় মানুহজনক আশ্রয় দিয়াৰ পিছত তেওঁ গোজেই গজালি হৈ বহিল। 

৪৭) ঘৰ গোনা (অনবৰত ঘৰত সোমাই থকা) – ঘৰ গোনা স্বভাৱৰ মানুহে বাহিৰৰ পৃথিৱীখনৰ একো ভু নাপায়। 

৪৮) চকু চহৰা (আনৰ ভাল দেখিব নোৱাৰা) -চকু চৰহা স্বভাৱটোৰ বাবেই মানুহজনীক গাঁৱৰ কোনেও দেখিব নোৱাৰে।

৪৯) চকুত ধূলি দিয়া (ফাঁকি দিয়া, প্ৰৱঞ্চনা কৰা) :- বেপাৰীটোৱে চকুত ধূলি দি গাঁওখনৰ ভালেমান মানুহক নকল বস্তু বেচিলে। 

৫০) চকু ফুৰা (ওপৰে ওপৰে চোৱা) :- মই তোমাৰ গল্পটো পঢ়া নাই, চকুহে ফুৰাই থৈছো, সময় পালেই পঢ়িম। 

৫১) চকুৰ কুটা দাঁতৰ শাল (ঘোৰ শত্ৰু) – নির্বাচনত তেওঁক সমর্থন নকৰাৰ বাবেই মই এতিয়া তেওঁক চকুৰ কুটা দাঁতৰ শূল-শাল হৈ পৰিছো।

৫২) চকুত লগা (শুৱনি, ৰূপহী) -মানুহজনৰ বাৰীখন শাক-পাচলি, তামোল-পাণেৰে চকুত লগা। 

৫৩) চকু থাকি খালত পৰা (জানি-শুনি বিপদত পৰা) – তাক বিশ্বাস কৰি তাৰ ওপৰত নিৰ্ভৰ কৰাৰ বাবেই মই চক থাকিও খালত পৰিলো। 

৫৪) চকু মুদা কুলি (ভাও ধৰি থকা) -সকলোবোৰ কথা জানিও সি চকু মুদা কুলিৰ দৰে আছে। 

৫৫) চকুৰে সৰিয়হ ফুল দেখা (বিপদত পৰি বিতত হোৱা) – আকস্মিকভাৱে জুই লাকি ঘৰটো ভস্মীভূত হোৱাত তেওঁ এতিয়া চকুৰে সৰিয়হ ফুল দেখিছে। 

৫৬) চৰখৰিয়াত পৰা (হঠাৎ বিপদত পৰা) -বাছখন দুর্ঘটনাগ্রস্ত হৈ তেওঁৰ আয়ৰ বাটটো বন্ধ হৈ পৰাত তেওঁ এতিয়াও চৰ খৰিয়াত পৰিছে। 

৫৭) চালে-বেৰে কোবোৱা (নজনা নুশুনাকৈ কথা কোৱা) :-তাৰ চালে-বেৰে কোবোৱা কথাবোৰ শুনি কোনেও বিশ্বাস নকৰে। 

Assamese Proverbs

৫৮) চিলিম ছিগা (মুদা মৰা, আশা নোহোৱা হোৱা) -হঠাৎ চাকৰিটো যোৱাত তাৰ এতিয়া চিলিম ছিগিল, জীৱিকাৰ বাট বন্ধ হ’ল। 

৫৯) ছিটিকাত পৰা (ধৰা পৰা) :- চোৰটোৱে গাঁওখনৰ মানুহবোৰক নাকনিকাণনি শিকাইছিল, পিচে অৱশেষত সি ছিটিকাত পৰিল।

৬০) টুপাই বুৰ মাৰ (মিছা মাত) -বিয়ালৈ বুলি সি টকা পাঁচ হেজাৰ দিব বুলি কথা দিও  শেষত নাই নুই কৰি টুপাই বুৰ মাৰিলে।

৬১) ডলাৰ বগৰী (অস্থিৰ) – ডলাৰ বগৰী হৈ ঘূৰি ফুৰিলে জীৱনত কোনেও উন্নতি কৰিব নোৱাৰে।

৬২) ঢোলৰ লগত টেমেকা (ডাঙৰৰ লগত ফুৰা সামান্য লোক) -মন্ত্ৰীৰ লগে লগে ঢোলৰ লগত টেমেকাৰ দৰে এদল লোক ঘূৰি ফুৰে।

৬৩) ঢৌতে খৰ মৰা (আহুকালৰ মাজতে আজৰি উলিয়াই কাম কৰা) -মানুহজনে ঢৌতে খৰ মাৰি বিয়াখনৰ সকলো কাম নিয়াৰিকৈ শেষ কৰিলে। 

৬৪) তপত ভাতৰ ধোঁৱাই ধৰা (সামান্য কষ্টও সহ্য কৰিব নোৱাৰা) :-ঘৰখনৰ কাম এটা কৰিবলৈ কলেই তাক তপত ভাতৰ ধোঁৱাই ধৰে, সি নোৱাৰো বুলি কয়। 

৬৫) তৰানৰা ছিঙি (খুব বেগেৰে) :-বনৰীয়া হাতীটো হঠাতে সন্মুখতে ওলোৱাত মানুহবোৰে তৰা নৰা ছিঙি দৌৰিবলৈ ধৰিলে। 

৬৬) তিতা কেঁহা লগা (বিৰক্তি লগা) -একমাত্র পুতেকৰ বদনাম শুনি শুনি মাক বাপেকৰ  তিতা-কেঁহা লাগিছে। 

৬৭) তিলটোকে তালটো কৰা (অতিৰঞ্জিত কৰা) -কিছুমান বাতৰিকাকতে তিলটোকে তালটো কৰি বাতৰি প্ৰকাশ কৰে।

৬৮) থৰকাছুটি এৰা (বিতত হোৱা) :-নাওখন বালিত লাগি ধৰাত নাৱৰীয়াজনে থৰকাছুটি এৰিলে। 

৬৯) দুই নাৱত দুই ভৰি (দোধোৰ মোধোৰ অৱস্থা) -বাছখন আদবাটতে বেয়া হোৱাত তেওঁৰ এতিয়া দুই নাৱত দুই ভৰি, ঘৰলৈকো ঘূৰি যাব নোৱাৰে, টাউনলৈকো যাব নোৱাৰে।

৭০) দুখে কুলাই পাচিয়ে নধৰা (অতি দুখকষ্ট হোৱা) -বানপানীত সর্বস্বান্ত হৈ মানুহবোৰৰ দুখে কুলাই পাচিয়ে নধৰা হৈছে।

৭১) ধোদৰ পছলা (এলেহুৱা, অকামিলা) :- ধোদৰ পচলা মানুহে জীৱনত উন্নতি লাভ বা টান। 

৭২) ধোঁৱাখুলীয়া (অপব্যয়ী) -তাৰ ধোঁৱাখুলীয়া স্বভাৱটোৰ বাবেই সি জীৱনত টকা পইচা সঞ্চয় কৰিব পৰা নাই। 

৭৩) নগৈ গড়গাঁৱৰ বাতৰি কোৱা (সাজি কথা কোৱা) :-নগৈ গড়গাঁৱৰ কথা কোৱা ভাৱৰ বাবেই আজিকালি সংবাদ-পত্ৰসমূহৰ প্রতি মানুহৰ আস্থা টুটি আহিছে।

৭৪) নথৈ ভকতি কৰ (অতিশয় ভকতি কৰা) :- ভকতজনৰ নথৈ ভকতি কৰা ভাৱত  সকলো মুগ্ধ হল।

আপুনি যদি আমাৰ এই লেখা পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক

৭৫) নদন বদন (বৰ ভাল অৱস্থা) – গাঁওখনৰ ভিতৰতে তেওঁৰ অৱস্থা নদন-বদন।

৭৬) নলে গলে লগা (অতি ঘনিষ্ঠ) :-শচীন আৰু বিনোদ নলে গলে লগা বন্ধু।

৭৭) নাচিব নাজানে চোতালখন বেঁকা (কাম কৰিব নাজানি আনক দোষ দিয়া) -নাচিব জানি চোতালখন বেঁকা বুলি ক’লে কি হ’ব, সেইটো কামলৈ সি আগবাঢ়িবই নালাগিছিল।

৭৮) নিৰহনিপানী (কোনো আসোঁৱাহ নথকা) :-মানুহজনৰ সকলো কাম নিৰহনিপানী, ক’তো অকনো খুঁত নাই।

৭৯) পানী কৰ (নষ্টকৰ, বুজিবলৈ সহজ কৰ) :-নতুন শিক্ষকজনে অংকবোৰ একেবাৰে পানী কৰি বুজাই দিয়ে বা ল’ৰাটোৰ অমনোযোগিতাই গোটেই আঁচনিখনকে পানী কৰি পেলালে।

৮০) পানীৰ তলৰ কাঁইট (অভাৱনীয় বিপদ) :-তাৰ যে এনে বিপদ হ’ব কোনে জানিছিল, পানীৰ তলৰ কাঁইট চিনিব নোৱাৰি।

৮১) পানীত হাঁহ নচৰা (দুর্গতি হোৱা) – ঘৰটো জুয়ে পোৰাত তেওঁৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে।

৮২) পানী নসৰা (অলপো  সুৰুঙা নথকা) – গাঁওবুঢ়াৰ পানী নসৰকা যুক্তি সকলো সৈমান হ’ল। 

৮৩) পানীৰ মিঠৈ (কাল্পনিক, মনেৰে সজা কথা) -তেওঁলোকৰ সকলোবোৰ আলোচনা পানীৰ মিঠৈহে, কোনো কামত নাহে।

৮৪) পাবত গজা (মূল নোহোৱা) -পাবত গজা নেতা-পালিনেতাৰে অসমখন ঠাহ খাই পৰিছে।

৮৫) পেট কুলি (বাহিৰত একো নজনা ভিতৰি টেঙৰ) :- মানুহজনক বিশ্বাসত ল’ব নোৱাৰি, তেওঁ বৰ পেট কুলি। 

৮৬) পেটে ভাতে খা (কোনোমতে জীৱিকা নির্বাহ কৰা) -মানুহজনৰ আকালো নাই, ভঁৰালো নাই, কোনোমতে পেটে ভাতে খাই আছে।

৮৭) পেট ভাতৌ (পেটত কথা ৰখা মানুহ) – অমল এটা পেট ভাতৌ ল’ৰা, তাৰ পৰা কথা উলিওৱা টান।

৮৮) পোহাৰী চুপতি (সামান্য কথাক লৈ উত্তৰা-উত্তৰি) :-তাৰ পোহাৰী চুপতি মাৰি ফুৰা স্বভাৱটোৰ বাবে বন্ধু বৰ্গই তাক বেয়া পায়। 

৮৯) ফৰিং ফুটা (উজ্জ্বল পোহৰ থকা) – এনে ফৰিং ফুটা জোনাক ৰাতি নৈৰ পাৰত ফুৰিবলৈ ভাল। 

৯০) ফুটুকাৰ ফেন (মিছা, অসাৰ) – তাৰ সকলো চেষ্টা ফুটুকাৰ ফেনত পৰিণত হ’ল, কামটো সি নাপালে। 

৯১) বগলীভকত (বাহিৰত সৎ ভিতৰি অসৎ) -গাঁওখনৰ ভিতৰত তেৱেঁই বগলী ভকত, সকলো অপকর্ম তেৱেঁই কৰি ফুৰে। 

৯২) বাগি কুঠাৰ মৰা (একেটা বস্তুতে দুজনে মুখামুখিকৈ কুঠাৰ মৰা) -আমাৰ সমাজৰ ভালেমান উন্নয়নমূলক কাম কিছুমান মানুহৰ বাগি কুঠাৰ মৰা স্বভাৱৰ বাবে সম্পূর্ণ নহয়। 

৯৩) বাঘৰ আগ তেল খোৱা (মহা দুষ্ট) -গাঁওখনৰ ভিতৰত এই ল’ৰাটোৱে বাঘৰ আগ  তেল খোৱা। 

৯৪) বাটৰ বলিয়া (ঘৰবাৰী নোহোৱা বলিয়া মানুহ) -বাটৰ বলিয়া মানুহক নোজোকাবা, বিপদত পৰিবা।

৯৫) বাপতি সাহোন (পৈতৃক সম্পত্তি) – বিহু অসমীয়া জাতিৰ বাপতি সাহোনস্বৰূপ উৎসৱ।

৯৬) বিৰাল তপস্বী (অসৎ লোকে সৎ লোকৰ ভাও ধৰা): -কথা-বতৰাই তেওঁক এজন সাধু-পুৰুষ যেন লাগিলেও তেওঁ প্ৰকৃততে এজন বিৰাল তপস্বীহে।

৯৭) বিনা মেঘে বজ্রপাত (অকস্মাতে হোৱা বিপদ) – দেউতাকৰ আকস্মিক মৃত্যু ছোৱালীজনীৰ বাবে বিনা মেঘে বজ্রপাতৰ দৰে হ’ল। 

৯৮) বিৰ দি বাট নোপোৱা (বহুত মানুহৰ সমাগম) :-পূজাৰ কেইদিনত বজাৰত মানুহৰ বিৰ দি বাট  নোপোৱা হৈছে। 

৯৯) বুকু জুৰোৱা (সান্ত্বনা দিয়া, শান্তি পোৱা) – বহু বছৰৰ মূৰত মাকৰ বুকু জুৰাবলৈ ভগৱানে সন্তান এটি দিলে। 

১০০) বুকুত কুঠাৰ মাৰিলেও ক নোলোৱা (জধামূর্খ) -বুকুত কুঠাৰ মাৰিলেও ক নোকোৱা ল’ৰাটোৱে হাইস্কুলৰ শিক্ষা ল’বগৈ নোৱাৰিলে।

1 thought on “অসমীয়া জটুৱা ঠাঁচ । খণ্ডবাক্য । বাক্যৰচনা”

Leave a Comment

error: Warning, you aare not allowed to copy this element